৮ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হােৱা পৰিবহণ বিভাগৰ কৰ্মচাৰীক ৪ বছৰৰ কাৰাদণ্ড আদালতৰ

৮ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হােৱা পৰিবহণ বিভাগৰ কৰ্মচাৰীক ৪ বছৰৰ কাৰাদণ্ড আদালতৰ

August 17, 2022 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক তীব্ৰ অভিযান অব্যাহত আছে।

এনে অভিযানৰ মাজতে উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ হাতত হাতে-লােটে ধৰা পৰা এগৰাকী চৰকাৰী কৰ্মচাৰীক আদালতত কাৰাদণ্ডৰে দণ্ডিত হৈছে।

জানিব পৰা মতে, বিশেষ ন্যায়াধীশৰ আদালতে খানাপাৰাস্থিত পৰিবহণ আয়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক দেৱেশ্বৰ তালুকদাৰক চাৰি বছৰৰ কাৰাদণ্ড আৰু ১০ হেজাৰ টকাৰ জৰিমনা বিহে।

জৰিমনা অনাদায়ে অতিৰিক্ত দুমাহৰ কাৰাদণ্ডৰ সন্মুখীন হ’ব লাগিব তালুকদাৰে।

উল্লেখযোগ্য যে দেৱেশ্বৰ তালুকদাৰে এছুৰেন্স লেটাৰ প্ৰদানৰ নামত এজন লোকৰ পৰা ৩৮ হেজাৰ টকা দাবী কৰিছিল।

এই সন্দৰ্ভত ভুক্তভোগী লোকজনে দুর্নীতি নিৰীক্ষণ আৰু তদাৰকী কোষত ২০১৫ চনৰ ৭ ডিচেম্বৰত এক অভিযোগ দাখিল কৰে।

এনে অভিযোগৰ ভিত্তিত তদন্তকাৰী দলে জাল পেলাই ৮ হেজাৰ টকা উৎকোচ লওঁতেই জ্যেষ্ঠ সহায়ক দেৱেশ্বৰ তালুকদাৰক হাতে-লোটে গ্রেপ্তাৰ কৰে।

ইয়াৰ পিচত তদাৰকী কোষে ২০১৮ চনৰ ২৭ এপ্ৰিলত তালুকদাৰৰ বিৰুদ্ধে আদালতত দাখিল কৰে অভিযোগনামা।

সমগ্র গোচৰ প্ৰক্ৰিয়াক লৈ দীৰ্ঘদিন ধৰি শুনানি গ্রহণৰ অন্তত অৱশেষত আদালতে ঘোচখোৰ জ্যেষ্ঠ সহায়ক দেৱেশ্বৰ তালুকদাৰক চাৰি বছৰৰ কাৰাদণ্ড বিহে।