স্বাধীনতা দিৱসৰ দিনাই ভয়ংকৰ পথ দুৰ্ঘটনা, গছত খুন্দা মাৰি বিধ্বস্ত ব্যক্তিগত বাহন

স্বাধীনতা দিৱসৰ দিনাই ভয়ংকৰ পথ দুৰ্ঘটনা, গছত খুন্দা মাৰি বিধ্বস্ত ব্যক্তিগত বাহন

August 15, 2022 0 By NEWS DESK

নিউজ ডেস্ক। স্বাধীনতা দিৱসৰ পুৱাই নগাঁও জিলাৰ কলিয়াবৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

জানিব পৰা মতে, কলিয়াবৰৰ হাটবৰত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থক গছত খুন্দা মাৰে এখন ব্যক্তিগত বাহনে।

অৱশ্যে এই দুৰ্ঘটনাত সৌভাগ্যক্ৰমে কথমপি প্ৰাণ ৰক্ষা পৰে চালকজন।

দুৰ্ঘটনাত পতিত মাৰুতি ছুইফট বাহনখৰ নম্বৰ এএছ০১ডিএম৫০১৯।

জানিব পৰা মতে, জখলাবন্ধা দিশৰ পৰা নগাঁও অভিমুখী গৈ আছিল ছুইফট বাহনখন।

তেনে সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা মাৰে গাড়ীখনে।

স্থানীয় লােকৰ সহযােগত আৰক্ষীয়ে আহত চালকজনক সংকটজনক অৱস্থাত জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।