শোকাৱহ! বাঁহৰ সাঁকো পাৰ হ’বলৈ চেষ্টা কৰোতেই নৈত পৰিল ব্ৰজেন, সলিল সমাধি

শোকাৱহ! বাঁহৰ সাঁকো পাৰ হ’বলৈ চেষ্টা কৰোতেই নৈত পৰিল ব্ৰজেন, সলিল সমাধি

August 23, 2022 0 By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

বাঁহৰ সাঁকো পাৰ হ’বলৈ চেষ্টা কৰোতেই নৈ পৰি কৰুণ মৃত্যুক আঁকােৱালি ল’লে এগৰাকী যুৱকে।

এই যুৱকজনৰ নাম ব্ৰজেন গগৈ (৩৬), ঘৰ শিৱসাগৰ জিলাৰ নাজিৰাৰ হুদুপাৰাৰ।

সােমবাৰে পুৱা শিৱসাগৰৰ নামতিৰ নামদাং নদীত পৰি সন্ধানহীন হােৱা ব্ৰজেনৰ মৃতদেহ মংগলবাৰে উদ্ধাৰ কৰে এছডিআৰএফৰ দলে।

যুৱকজনৰ এনে শােকাৱহ মৃত্যুৰ ঘটনাই বৃহত্তৰ নাজিৰা অঞ্চলত শােকৰ ছাঁ পেলাইছে।