
শােকাৱহ! বিধায়কৰ কাৰ্যালয়ত পতাকা নমাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু যুৱকৰ
August 16, 2022নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।
স্বাধীনতা দিৱসৰ আনন্দ-উল্লাসৰ মাজতে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু এজন যুৱকৰ।
মহানগৰীৰ পাৰ্শ্বৱৰ্তী কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ উপৰহালীত এই ঘটনা সংঘটিত হয়।
জানিব পৰা মতে, স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াৰ উপৰহালী স্থিত কাৰ্যালয়ৰ চৌহদত পতাকা নমাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ জিতু ঠাকুৰীয়া নামৰ এজন যুৱকৰ মৃত্যু ঘটে।

জিতু ঠাকুৰীয়া পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ উপৰহালীস্থিত কাৰ্যালয়ত কাৰ্যালয় সহায়ক হিচাপে কৰ্মৰত আছিল।
জানিব পৰা মতে, বিয়লি পতাকাখন নমাবলৈ লওঁতে লােৰ মাৰিডাল বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ অহাৰ পিছত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয় জিতু ঠাকুৰীয়া।

প্ৰত্যক্ষদৰ্শীয়ে এই ঘটনাৰ পিছতে যুৱকজনক সমীপৱৰ্তী মিৰ্জা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও পিছত স্বাস্থ্যৰ ক্ৰমাৎ অৱনতি ঘটাত গুৱাহাটীৰ নেমকেয়াৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

কিন্ত হাস্পতালতে কৰুণ মৃত্যুক আঁকোৱালি লয় যুৱকজনে।
মৃত্যুৰ সময়তে জিতু ঠাকুৰীয়াই পত্নীৰ লগতে দুটিকৈ কনমানি সন্তানক ইহ সংসাৰত এৰি থৈ যায়।
এই ঘটনাই স্থানীয় লােকৰ মাজত গভীৰ শােকৰ ছাঁ পেলাইছে।
বিধায়ক হেমাংগ ঠাকুৰীয়াই নিজ কাৰ্যালয়ৰ সহায়ক জিতু ঠাকুৰীয়াৰ এনে আকস্মিক মৃত্যুত গভীৰ শােক প্ৰকাশ কৰিছে।