
মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, অংকিতা দত্ত সহ কংগ্ৰেছ নেতা-কৰ্মীক আটক আৰক্ষীৰ
August 20, 2022নিউজ ডেস্ক। মূল্যবৃদ্ধিৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ কংগ্ৰেছ নেতা-কৰ্মীৰ।
এইবাৰ চৰাইদেউ জিলাৰ সোণাৰিত উত্তাল প্ৰতিবাদ কংগ্ৰেছ নেতা-কৰ্মীৰ।
অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ নেতৃত্বত সোণাৰিস্থিত ৰাজীৱ ভৱনৰ পৰা সমদল।

অৱশ্যে এই সমদলত বাধা প্ৰদান কৰি আৰক্ষীয়ে অংকিতা দত্ত সহ কংগ্ৰেছ কৰ্মীক আটক কৰে।

কিন্তু ইয়াৰ পিছতাে প্ৰতিবাদ অব্যাহত ৰখা অংকিতা দত্তক মহিলা আৰক্ষীয়ে বলপূৰ্বকভাৱে সোণাৰি আৰক্ষী থানালৈ লৈ যায়।

উল্লেখযোগ্য যে শনিবাৰে চৰাইদেউ জিলা আৰু সোণাৰি সমষ্টি যুৱ কংগ্ৰেছৰ দায়িত্বভাৰ গ্ৰহণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নেত্ৰী অংকিতা দত্তই।
এই কাৰ্যসূচীৰ পিছতে অনুমতিবিহীনভাৱে মূল্যবৃদ্ধি প্ৰতিবাদত সমদল বাহিৰ কৰিবলৈ লওঁতেই আৰক্ষীৰ বৃহৎ দলে বাধা প্ৰদান কৰে।
হাতত প্লে-কাৰ্ড, বেনাৰ লৈ বিজেপি আৰু চৰকাৰ বিৰােধী শ্ল’গান দিয়ে কংগ্ৰেছৰ নেতা-কৰ্মীসকলে।