
ভয়ংকৰ দুৰ্ঘটনা, চলন্ত অৱস্থাতে বাছৰ পৰা বিচ্ছিন্ন হৈ পৰিল চকা
August 18, 2022নিউজ ডেস্ক। কাজিৰঙাত ভয়ংকৰ দুৰ্ঘটনা।
চলন্ত অৱস্থাতে যাত্ৰীবাহী আল্ট্ৰা বাছৰ পৰা বিচ্ছিন্ন হৈ পৰিল চকা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰৰ দাঁতিত কালভাৰ্টত প্ৰচণ্ড জােৰে খুন্দিয়াই বাছখনে।
জানিব পৰা মতে, তেজপুৰৰ পৰা ডিমাপুৰ অভিমুখে গৈ আছিল এএছ০৫ এচি ১১১৬ নম্বৰৰ যাত্ৰীবাহী আল্ট্ৰা বাছ খনা।

এই দুৰ্ঘটনাত বাছখনৰ কেইবাজনো যাত্ৰী গুৰুতৰভাৱে আহত হয়।
ইপিনে, এই দুৰ্ঘটনাৰ পিছতে তাত উপস্থিত হৈ মৰিয়ণী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী।

বিধায়কজনে নিজৰ বাহনৰ পৰা নামি আহি আহত সকলক উদ্ধাৰ অভিযানত নামি পৰে ৷
দুৰ্ঘটনাত আহত লোকসকলক কঁহৰা আদৰ্শ চিকিৎসালয়লৈ নিয়াত সহায় কৰে বিধায়ক ৰূপজ্যােতি কুৰ্মীয়ে।
লগতে চাওকঃ
