বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ গৈ নিৰুদ্দেশ কিশোৰী

বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ গৈ নিৰুদ্দেশ কিশোৰী

August 17, 2022 0 By NEWS DESK

নিউজ ডেস্ক। কামৰূপ জিলাৰ ৰঙিয়াৰ এগৰাকী কিশোৰী ৰহস্যজনকভাৱে নিৰুদ্দেশ।

নিজৰ বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ গৈ সন্ধানহীন হৈছে মেহেৰুণ নেচা নামৰ ১৫ বছৰীয়া কিশােৰীগৰাকী।

জানিব পৰা মতে, বিগত ১৩ আগষ্টৰ পৰা সন্ধানহীন হৈ আছে কিশোৰীগৰাকী।

ৰঙিয়াৰ সমীপৰ ততাৰকুছিৰ বাসিন্দা মেহেৰুণ নেচা।

জানিব পৰা অনুসৰি, কিশোৰীগৰাকী ৰঙিয়া নগৰৰ ৪ নং বাৰ্ডৰ এগৰাকী বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ যোৱাৰ পিচৰে পৰা সন্ধানহীন হৈ আছে।

উপায়হীন হৈ পৰিয়ালে আৰক্ষীৰ কাষ চাপিছে। কি পৰিস্থিতিত কিশোৰীগৰাকী সন্ধানহীন হ’ল সেয়া ৰহস্যৰ আৱৰ্তত।