
পুনৰ ঘােচকাণ্ড! শিক্ষকৰ পৰা উৎকােচ লৈ গ্ৰেপ্তাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া, জব্দ নগদ ১ লাখ টকা
August 17, 2022নিউজ ডেস্ক। চৰকাৰী কাৰ্যালয়ত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে অব্যাহত আছে ৰাজ্যৰ সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ অভিযান।
এইবাৰ কামৰূপ জিলাৰ ৰাণী স্থিত ৰাণী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰকৰ অভিযান।
এই অভিযানত ৰাণী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া (BEEO) ক এগৰাকী শিক্ষকৰ পৰা উৎকােচ লৈ থকা অৱস্থাত হাতে-লােটে গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটােৱে।

গ্ৰেপ্তাৰ হােৱা বিষয়াজনৰ নাম লাচিত বসুমতাৰী বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, এগৰাকী শিক্ষকৰ সেৱা পুথি উন্নীতকৰণ আৰু এল পি চি জাৰি কৰাৰ বাবে উৎকোচ দাবী কৰিছিল বিষয়াজনে।

এই বিষয়া অভিযােগ লাভ কৰি বুধবাৰে দুৰ্নীতি নিবাৰকৰ দলে অভিযান চলাই বুধবাৰে দুপৰীয়া কাৰ্যালয়তে উৎকােচ লৈ থকা অৱস্থাত তেওঁক হাতে-লােটে গ্ৰেপ্তাৰ কৰে।

তেওঁক বৰ্তমান কাৰ্যালয়তে জেৰা চলাইছে ভিজিলেঞ্চে।
ইপিনে, এই অভিযানৰ সময়তে কাৰ্যালয়ৰ বাহিৰত ৰখাই থােৱা বিষয়াজনৰ AS-01BL- 1515 নম্বৰৰ বলেৰ’ বাহনৰ পৰা নগদ ১ লাখ টকা জব্দ কৰে অভিযানকাৰী দলটােৱে।
BEEO of Rani, District Kamrup Rural Sri Lachit Basumatary demanded bribe for updating the service book and issuing LPC. He has been trapped and arrested red handed today by @DIR_VAC_ASSAM @assampolice @CMOfficeAssam pic.twitter.com/zZJcUNL03A
— GP Singh (@gpsinghips) August 17, 2022
এই কথা টুইট কৰি প্ৰকাশ কৰে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ মুৰব্বী, অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে।

বিষয়াজনক লগত লৈ তেওঁ বাসগৃহতাে ভিজিলেঞ্চৰ দলে অভিযান চলাব।