পুখুৰীত উদ্ধাৰ ন-দম্পতীৰ মৃতদেহ, চৰম পথ বাছি ল’লে নেকি কমল-পূৰৱীয়ে?

পুখুৰীত উদ্ধাৰ ন-দম্পতীৰ মৃতদেহ, চৰম পথ বাছি ল’লে নেকি কমল-পূৰৱীয়ে?

August 16, 2022 0 By NEWS DESK

নিউজ ডেস্ক। চৰাইদেউ জিলাৰ সাপেখাতীৰ গৰিয়াছিগাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

ঘৰৰ ওচৰৰে এটা দ পুখুৰীত উদ্ধাৰ ন-দম্পতীৰ মৃতদেহ।

অজ্ঞাত কাৰণত ন-দম্পতীটােৱে চৰম পথ বাছি লােৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লােকে।

মৃতকৰ ভিতৰত স্বামীৰ নাম কমল দাস (পিতা- বিবেক দাস) আৰু পত্নীৰ নাম পূৰৱী দাস।

জানিব পৰা মতে, মাত্ৰ ছমাহ পূৰ্বে দুয়ো প্ৰেমৰ জৰিয়তে বিবাহ পাশত আবদ্ধ হৈছিল।

সোমবাৰে নিশা ঘৰৰ পৰা ওলাই গৈ দুয়ােজনে পুখুৰীত জাঁপ দি মৃত্যুবৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লােকে।

ঘটনাস্থলীত সাপেখাতী আৰক্ষী আৰি এছডিআৰএফ উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

ঘটনাকলৈ সমগ্ৰ অঞ্চলতে চাঞ্চল্যই বিৰাজ কৰিছে।