
পথৰ কাষত ৰখাই থােৱা টেংকাৰত ছুইফ্ট বাহনৰ প্ৰচণ্ড খুন্দা, থিতাতে ২ যুৱকৰ কৰুণ মৃত্যু
August 15, 2022নিউজ ডেস্ক। স্বাধীনতা দিৱসৰ দিনাই নগাঁও জিলাৰ কলিয়াবৰত সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা।
কলিয়াবৰৰ ৰাঙলুৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ৰখাই থােৱা টেংকাৰত পিছফালৰ পৰা প্ৰচণ্ড জােৰে খুন্দা মাৰে এখন ছুইফ্ট বাহনে।
এই সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে দুৰ্ঘটনাটােত ছুইফ্ট বাহনখন বিধ্বস্ত হৈ পৰে।
ঘটনাস্থলীতে মৃত্যু ঘটে গাড়ীখনত থকা ২ জন আৰোহীৰ।

দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ পঞ্জীয়ন নম্বৰ এ এছ ১৩ পি ৫০৬৬ ।
নিহত ব্যক্তি দুজনৰ এজন হৈছে গাড়ীখনৰ চালক ছামচুল হক (ঘৰ-ঢেকীয়াজুলি), আনজন আনছাৰুল হক (ঘৰ-চিৰাজুলি)।
এই দুৰ্ঘটনাটোৰ ফলত ৬ গৰাকী আৰোহা গুৰুতৰভাবে আহত হয় বুলি জানিব পৰা গৈছে।
আহত সকলক সংকটজনক অৱস্থাত জখলাবন্ধা চিকিৎসালয়ত ভৰ্তী কৰা হয়।
আহতসকলৰ নাম ইছমাইল আলি, ফলৰউদ্দিন, ইছমাইল হুছেইন আৰু দিলদাৰ হুছেইন বুলি জানিব পৰা গৈছে।