
দৈৰ্ঘ্য ১৪.৯ ফুট! বাৰ্মিজ অজগৰ উদ্ধাৰ স্বেচ্ছাসেৱী সংগঠনৰ
August 17, 2022নিউজ ডেস্ক। বাক্সা জিলাৰ দাওধাৰাত স্বেচ্ছাসেৱী সংগঠনৰ দ্বাৰা বাৰ্মিজ অজগৰ উদ্ধাৰ।
বুধবাৰে বাৰ্মিজ অজগৰ উদ্ধাৰ কৰে এটা স্বেচ্ছাসেৱী সংগঠনে।

জানিব পৰা মতে, স্থানীয় স্বেচ্ছাসেৱী সংগঠন মানাস মাউজি কেঞ্জি ইক’ টুৰিজিম চোছাইটিৰ সদস্যসকলে দাওধাৰা গাঁওখনত প্ৰত্যক্ষ কৰে এডাল বাৰ্মিজ অজগৰ।
প্ৰায় ১৪.৯ ফুট দৈৰ্ঘ্যৰ এই বাৰ্মিজ অজগৰ ডাল মানাস মাউজি কেঞ্জি ইক’ টুৰিজিম চোছাইটিৰ সদস্যসকলে উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়ে।
পাছত বন বিভাগে মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়ে।