
থাৰ বাহনে মহটিয়াই নিলে চাইকেল আৰােহীক, চিকিৎসালয়ত মৃত্যু
August 19, 2022নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰবেগী মহিন্দ্ৰ থাৰ বাহনৰ খুন্দাত মৃত্যু এজন চাইকেল আৰােহীৰ।
ধেমাজিৰ মাছখোৱা পথাৰত কোৱাফলা গাঁৱত সংঘটিত হয এই ভয়ংকৰ পথ দুৰ্ঘটনা।
থাৰ বাহন এখনে চাইকেল আৰোহীজনক মহটিয়াই নিয়াৰ ফলত গুৰুতৰভাৱে আহত হয় গহিন কোঁৱৰ (৫০) নামৰ লোকজন।

গুৰুতৰভাৱে আহত লোকজনক ততাতৈয়াকৈ সমীপৱৰ্তী চিকিৎসালয়লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়।

কিন্তু দুৰ্ভাগ্যক্ৰমে চিকিৎসাধীন অৱস্থাতে ডিব্ৰুগড়ৰ আদিত্য হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে চাইকেল আৰোহী গহিন কোঁৱৰ নামৰ লােকজনে।
লগতে চাওকঃ
ভয়ংকৰ দুৰ্ঘটনা, চলন্ত অৱস্থাতে যাত্ৰীবাহী বাছৰ পৰা বিচ্ছিন্ন হৈ পৰিল চকা
