
জম্মু-কাশ্মীৰৰ পৰা অসমত প্ৰৱেশ কৰা দুই ৰােহিংগীয়াক গ্ৰেপ্তাৰ
August 23, 2022নিউজ ডেস্ক। অসমত পুনৰ গ্ৰেপ্তাৰ হ’ল ৰােহিংগীয়া মুছলমান।
জম্মু-কাশ্মীৰৰ পৰা অসমত প্ৰৱেশ কৰা দুই ৰােহিংগীয়া মুছলমানক কৰিমগঞ্জ জিলাৰ বদৰপুৰ ৰে’ল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ।
সোমবাৰে পুৱা কলকাতা সামৰিক চোৰাংচোৱা আৰু বদৰপুৰ আৰক্ষীয়ে ষ্টেচন চৌহদৰ পৰা গ্ৰেপ্তাৰ কৰে জামাল হুছেইন (২৬) আৰু আমিৰ হাকিম (১৮) নামৰ দুই ৰােহিংগীয়া মুছলমানক।

কলকাতা সামৰিক চোৰাংচোৱাৰ বিষয়াই তেওঁলোকৰ পৰা এটা মোবাইল ফোন আৰু নগদ ১০২৩৯ টকা জব্দ কৰে।
আৰক্ষীয়ে তেওঁলোকক জেৰা অব্যাহত ৰাখিছে।
ধৃত লোক কেইজন বৰ্তমান বদৰপুৰ আৰক্ষী থানাত আছে। মঙলবাৰে দুয়ােজনকে কৰিমগঞ্জ জিলা আদালতত হাজিৰ কৰা হয়।