ঘােচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ জিলা উপ-পঞ্জীয়ক কাৰ্যালয়ৰ কৰ্মচাৰী তপন সাহা

ঘােচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ জিলা উপ-পঞ্জীয়ক কাৰ্যালয়ৰ কৰ্মচাৰী তপন সাহা

August 24, 2022 0 By NEWS DESK

নিউজ ডেস্ক। ঘোচখোৰ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চৰ তীব্ৰ অভিযান।

এইবাৰ বিশ্বনাথৰ উপায়ুক্তৰ কাৰ্যালয়ত চলিল ভিজিলেঞ্চৰ অভিযান।

উৎকােচ লৈ হাতে-লােটে গ্ৰেপ্তাৰ হ’ল উপ পঞ্জীয়ক আৰু বিবাহ বিষয়াৰ কাৰ্যালয় কৰ্মচাৰী তপন সাহা।

অভিযোগকাৰীৰ পৰা ভূমি পঞ্জীয়ন প্ৰক্ৰিয়াকৰণৰ বাবদ ৭ হাজাৰ টকাৰ ঘোচ লওঁতেই গ্ৰেপ্তাৰ কৰা হয় কৰ্মচাৰীজন।

সম্প্ৰতি উপায়ুক্ত কাৰ্যালয়ৰ চৌহদতে কৰ্মচাৰীজনক মাৰাথন জেৰা চলাইছে ভিজিলেঞ্চৰ অভিযানকাৰী দলটােৱে।