খাকী পােছাকত ডকাইতি কাণ্ড! ১২ লাখ টকা লুট কৰা ৩ কুখ্যাত ডকাইত আৰক্ষীৰ জালত

খাকী পােছাকত ডকাইতি কাণ্ড! ১২ লাখ টকা লুট কৰা ৩ কুখ্যাত ডকাইত আৰক্ষীৰ জালত

August 18, 2022 0 By NEWS DESK

নিউজ ডেস্ক। খাকী পােছাক পিন্ধি চাঞ্চল্যকৰ ডকাইতিকাণ্ড সংঘটিত কৰা ৩ কুখ্যাত ডকাইত জালত পৰিল কামৰূপ আৰক্ষীৰ।

ধৃত ডকাইত কেইটাৰ নাম হৈছে চবৰেজ আলী, মমতাজ আলী আৰু বীৰেন ডেকা।

ডকাইতি সংঘটিত কৰা ৫ জনীয়া ডকাইতৰ দলটােৰ দুজন সদস্যৰ লগতে লুট কৰি নিয়া ১২ লাখ টকা বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

উল্লেখ্য যে যােৱা ১১ আগষ্টত কামৰূপ জিলাৰ চাংসাৰীত সংঘটিত হৈছিল এই ডকাইতি কাণ্ড।

উল্লেখ্য যে চাংসাৰীস্থিত ময়ূৰ মিলটোৰ এজন কৰ্মচাৰীৰ পৰা ১২ লাখ টকা লুটি নিছিল ডকাইতৰ দলটোৱে।

খাকী পােছাকত অহা ডকাইতৰ দলটােৱে নিৰ্বিঘ্নে আঁতৰি গৈছিল ঘটনাস্থলীৰ পৰা।

ইয়াৰ পিছতে এই বিষয়া মিলটােৰ স্বত্বাধিকাৰীয়ে আৰক্ষীৰ কাষ চপাত আৰক্ষীৰ এই সন্দৰ্ভত এক গােচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।

লগতে চাওকঃ

ভুৱা আৰক্ষী নহয়, ভুৱা থানা উৎখাত আৰক্ষীৰ! ৮ মাহ ধৰি চলি থকা ভুৱা থানাৰ নকল আৰক্ষী বিষয়া, নকল কনিষ্টবলক গ্ৰেপ্তাৰ