
কাজিৰঙাত গঁড়ৰ ৩ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ
August 18, 2022নিউজ ডেস্ক। কাজিৰঙাত ৩টা চোৰাং চিকাৰীক গ্ৰেপ্তাৰ।
গােপন সূত্ৰৰ পম খেদি বন বিভাগে কৰায়ত্ত কৰে চোৰাং চিকাৰীকেইটাক।
বন বিভাগে কৰায়ত্ত কৰা চোৰাং চিকাৰীকেইটাৰ নাম হৈছে- ধৃত ইমাম আলী, মােহন ৰংপি আৰু বাহাৰুল ইছলাম।

বন বিভাগে প্ৰকাশ কৰা অনুসৰি, গঁড়ৰ চোৰাং ব্যৱসায়, গঁড় নিধন কাৰ্যৰ লগতো জড়িত এই চোৰাং চিকাৰীকেইটা।
দীৰ্ঘদিন ধৰি বন বিভাগৰ মূৰৰ কামৰণি হৈ পৰা এই ধৃত ৩ চিকাৰীক জালত পেলাবলৈ সক্ষম হৈছে বন বিভাগ।
প্ৰথমে বাঘমাৰা গাঁৱৰ পৰা ইমাম আলীক আটক কৰে বন বিভাগে।
ইয়াৰ পিছত বাহাৰুল ইছলাম আৰু কাৰ্বি আংলঙৰ মহন ৰংপি নামৰ চােৰাং চিকাৰীটাে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।