
ক’লৈ গ’ল জােনমণি, মৌচুমী? একেলগে নিৰুদ্দেশ এটা পৰিয়ালৰে দুগৰাকীকৈ বোৱাৰী
August 21, 2022নিউজ ডেস্ক। ক’লৈ গ’ল জােনমণি, মৌচুমী?
একেটা পৰিয়ালৰে দুগৰাকী বােৱাৰী একেলগে সন্ধানহীন হােৱা ঘটনাই হাহাকাৰ লগাইছে শিৱসাগৰ জিলাৰ আমগুৰিৰ গৌৰীসাগৰত।
জানিব পৰা মতে, গৌৰীসাগৰৰ পতোৱাচেলাৰ মৌচুমী চুতীয়া আৰু জােনমণি চুকীয়া নামৰ দুগৰাকীকৈ বোৱাৰী যােৱা ১৭ আগষ্টৰ পৰা সন্ধানহীন হৈ আছে।

উল্লেখ্য যে দুয়োগৰাকী বোৱাৰীৰ স্বামীয়েই কেৰালাৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছে।
জানিব পৰা মতে, ১৭ আগষ্টৰ সন্ধিয়া ৭ বজাৰ পৰাই সন্ধানহীন হৈ আছে জোনমণি চুতীয়া আৰু মৌচুমী চুতীয়া।
মৌচুমীৰ মাতৃগৃহ যোৰহাট আৰু জোনমণিৰ মাতৃগৃহ হৈছে লখিমপুৰত।
ইফালে দুয়োগৰাকী বোৱাৰীয়ে সন্ধানহীন হোৱাৰ সময়ত একোখনকৈ পত্ৰ লিখি থৈ যোৱা বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে।
সন্ধানহীন হোৱাৰ সময়ত মৌচুমী চুতীয়াই তেওঁৰ আঢ়ৈ বছৰীয়া সন্তানটোকো লগত লৈ যায় যদিও জোনমণিয়ে এৰি থৈ যায় তেওঁৰ ৪ বছৰীয়া সন্তানটোক।
দুয়োগৰাকী বোৱাৰী একেলগে সন্ধানহীন হৈ থকা সন্দৰ্ভত ইতিমধ্যে আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে পৰিয়ালে।
লগতে চাওকঃ
কৰ্কট ৰোগৰ বিৰুদ্ধে পত্নীৰ যুঁজৰ বিষয়ে সামাজিক মাধ্যমত আৱেগিক পোষ্ট স্বামীৰ, অনুপ্ৰাণিত হাজাৰজন…
