এইবাৰ ট্ৰেভেলাৰ বাহনৰ যাত্ৰীৰ ৰূপ গৰু!

এইবাৰ ট্ৰেভেলাৰ বাহনৰ যাত্ৰীৰ ৰূপ গৰু!

August 20, 2022 0 By NEWS DESK

নিউজ ডেস্ক। এইবাৰ ট্ৰেভেলাৰ বাহনৰ যাত্ৰীৰ ৰূপত গৰু।

এটা-দুটা নহয়, ট্ৰেভেলাৰ বাহনৰ পৰা জব্দ হ’ল ২੦ টাকৈ গৰু।

উল্লেখ্য যে সৰু-বৰ ট্ৰাকত উঠাই গৰুৰ চােৰাং সৰবৰাহ কােনাে নতুন কথা নহয় যদিও অসমত যাত্ৰীবাহী বাহনত ইমান সংখ্যক গৰু সৰবৰাহৰ এয়াই প্ৰথম ঘটনা।

বৃহস্পতিবাৰে নিশা ক্ষেত্রী আৰক্ষীয়ে ৩৭নং ৰাষ্ট্ৰীয় পথত অভিযান চলাই এইখন গৰুভৰ্তি ট্ৰেভেলাৰ জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে এএছ ১২ এচি-৩৬০৯ নম্বৰৰ ছয় চকীয়া যাত্রীবাহী ট্ৰেভেলাৰখন নগাঁৱৰ পৰা মেঘালয় অভিমুখে গৈ থকাৰ পথত আৰক্ষীয়ে জব্দ কৰে।

গাড়ীখনৰ সকলো আসন খুলি ভিতৰত ২০টা গৰু কঢ়িয়াই আনিছিল সৰবৰাহকাৰীয়ে।

ঘটনাৰ সন্দৰ্ভত নগাঁৱৰ গেৰুৱাহাটীৰ জয়নাল আবেদিন আৰু ইজাজুল হকক আৰক্ষীয়ে আটক কৰিছে।

ইপিনে গো-সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰা এএছ ০২ এএইচ-০৫১২ নম্বৰৰ ছুইফট বাহনখনো জব্দ কৰে যদিও আৰোহী কেইজন পলায়ন কৰে।