
আকৌ ঘোচ কাণ্ড! উৎকোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ বৰবাবু গোবিন বৰদলৈ
August 25, 2022নিউজ ডেস্কঃ আকৌ ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল আন এগৰাকী চৰকাৰী কৰ্মচাৰী।
এইবাৰ ধেমাজি জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত চলিল দুুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
বৃহস্পতিবাৰে উৎকোচ গ্ৰহণৰ সময়তে হাতে-লোটে ধৰা পৰে ধেমাজি জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক গোবিন বৰদলৈ।

ই-ৰিক্সা শ্ব’ৰুমৰ ট্ৰেড লাইচেন্স নবীককৰণৰ বাবে দাবী কৰা ধন গ্ৰহণৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে দুৰ্নীতিগ্ৰস্ত জ্যেষ্ঠ সহায়কজনক।

এই বিষয়ে টুইটযোগে জানিবলৈ দিয়ে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে।