অবৈধভাৱে বালি কঢ়িওৱা ৪ খন ডাম্পাৰ জব্দ বন বিভাগৰ

অবৈধভাৱে বালি কঢ়িওৱা ৪ খন ডাম্পাৰ জব্দ বন বিভাগৰ

August 16, 2022 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যত এতিয়াও অব্যাহত আছে বনজ সম্পদৰ চােৰাং বেহা।

বিশেষকৈ কামৰূপ আৰু গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত মুকলিকৈ চলিছে চােৰাং বালিৰ চিণ্ডিকেট।

এই চিণ্ডিকেটৰ বিৰুদ্ধে মাজে সময়ে বন বিভাগে তৎপৰতা দেখুৱাই যদিও সম্পূৰ্ণ ৰূপ নাকী লগবা পৰা নাই চিণ্ডিকেটৰ কাণ্ডাৰীসকলক।

শেহতীয়াকৈ গােৱালপাৰা জিলাত বালি চিণ্ডিকেটৰ বিৰুদ্ধে বন বিভাগে কঠােৰ ব্যৱস্থা হাতত লােৱা পৰিলিক্ষত হৈছে।

জানিব পৰা মতে, জিলাখনৰ দুধনৈ, কৃষ্ণাই নৈৰ পৰা অবৈধভাৱে সৰবৰাহ বালি সৰবৰাহ কৰা ৪খন বালিভৰ্তি ডাম্পাৰ জব্দ কৰে বন বিভাগে।

জিলাখনৰ ধূপধৰাৰ কুঢ়িয়ামাৰীত বন বিভাগে জব্দ কৰে ডাম্পাৰকেইখন।

বিভাগীয় নিয়ম অনুসৰি ডাম্পাৰকেইখনৰ বিৰুদ্ধে আইনী ব্যৱস্থা হাতত লৈছে বন বিভাগে।

বালি চিণ্ডিকেটৰ বিৰুদ্ধে বন বিভাগৰ এনে পদক্ষেপক সচেতন মহলে আদৰণি জনাইছে যদিও ইয়াৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিবলৈ আহ্বান জনায়।